Posts

ভাৰতীয় সাহিত্যৰ ঐতিহাসিক পটভূমি

ভাৰতীয় সাহিত্যৰ ঐতিহাসিক পটভূমি ভূমিকা ভাৰতীয় সাহিত্য হৈছে ভাৰতবৰ্ষৰ বহুভাষিক, বহুজাতিক, বহুধৰ্মীয় আৰু বহুসাংস্কৃতিক জীৱনৰ এক জীৱন্ত প্ৰতিফলন। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষাত সাহিত্যৰ সৃষ্টি হ’লেও সেই সকলো সাহিত্যৰ অন্তৰালত ভাৰতীয় সমাজ, সংস্কৃতি, ধৰ্ম, দৰ্শন, ৰাজনীতি আৰু সামাজিক পৰিৱৰ্তনৰ এক গভীৰ সম্পৰ্ক বিদ্যমান। সংস্কৃত, পালি, প্ৰাকৃত, অপভ্ৰংশৰ পৰা আৰম্ভ কৰি আধুনিক ভাৰতীয় ভাষাসমূহলৈকে ভাৰতীয় সাহিত্যই এক দীঘলীয়া ঐতিহাসিক যাত্ৰা অতিক্ৰম কৰিছে। সেয়ে ভাৰতীয় সাহিত্যক কেৱল কোনো এটা ভাষা বা অঞ্চলৰ সাহিত্য হিচাপে চাব নোৱাৰি; ই ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ বহুমাত্ৰিক প্ৰকাশ। প্ৰাচীন ভাৰতীয় সাহিত্যৰ পটভূমি ভাৰতীয় সাহিত্যৰ ইতিহাসৰ আৰম্ভণি বৈদিক যুগৰ পৰা হোৱা বুলি ধৰা হয়। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদৰ স্তোত্ৰসমূহত প্ৰাচীন ভাৰতীয় মানুহৰ ধৰ্মীয় বিশ্বাস, প্ৰকৃতি-চেতনা, সামাজিক জীৱন আৰু দাৰ্শনিক চিন্তাৰ পৰিচয় পোৱা যায়। উপনিষদসমূহত আত্মা, ব্ৰহ্ম, জীৱন আৰু জগতৰ সম্পৰ্ক সম্পৰ্কে গভীৰ দাৰ্শনিক চিন্তা প্ৰকাশ পাইছে। এই সময়ছোৱাত সাহিত্য মূলতঃ মৌখিক পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল আছিল।...

পঞ্চবর্গীয় ভিক্ষুসকল সম্পর্কীয় তথ্যাদি

Image
                পঞ্চবর্গীয় ভিক্ষুসকল সম্পর্কীয় তথ্যাদি যি কেইজনা পঞ্চবর্গীয় ভিক্ষুক বুদ্ধ ভগৱানে পোন পহিলতে ধর্মোপদেশ দিছিল, তেওঁলোকৰ বিষয়ে 'সুত্তপিটক'ৰ পৰা তেনেই কমহে জানিব পৰা যায়। 'সংযুত্তনিকায়'ৰ ৱংগীস সংযুক্তত (সং. ৯) এই বুলি উল্লেখ কৰা হৈছে যে পোন প্ৰথমতে বৌদ্ধধৰ্ম্মৰ তত্ত্ব-গোধ হোৱা আজ্ঞাত কৌণ্ডিণ্য ভালেমান দিনৰ পিচত ৰাজগৃহলৈ গৈছিল আৰু তেওঁ বুদ্ধক সাষ্টাঙ্গে প্রণিপাত কৰিছিল। দ্বিতীয় পঞ্চবর্গীয় ভিক্ষু অসজি (অশ্বজিৎ) ৰাজগৃহত নৰিয়াত পৰি আছিল আৰু ভগৱানে তেওঁক উপদেশ দিছিল। 'খন্ধসংযুক্ত'ৰ ৮৮তম সুত্তৰ পৰা এই কথা জনা যায়। এই দুজনাৰ বাহিৰে বাকী তিনিজনাৰ উল্লেখ 'সুত্তপিটক'ত একেবাৰে পোৱা নাযায়। জাতকৰ নিদান-কথা আৰু আন আন অঠকথাত এই পঞ্চবর্গীয় ভিক্ষু কেইজনা সম্বন্ধে কম বেচি পৰিমাণে কিছু তথ্য পোৱা যায়। তাৰ সাৰাংশ হল এই: ৰামো ধজো লব্ধণো চাপি মন্তী কৌণ্ডঞঞো চ ভোজো সুয়ামো সুদত্তো। এতে তদা অট্ঠ অহেসুং ব্রাহ্মণা ছলংগৱা মন্তং ব্যাকৰিংসু ॥ অর্থাৎ, 'ৰাম, ধ্বজ, লক্ষ্মণ (লক্ষ্মণ), মন্তী (মন্ত্রী), কৌণ্ডঞঞ (কৌণ্ডিণ্য), ভোজ, সুয়াম আৰু সুদত্ত এই আঠজনা ষড়ঙ্গ...

অসমীয়া

অসমীয়া